কাউৰী আৰু কলহ

 কাউৰী আৰু কলহ

👉 এদিনাখনৰ কথা। সেইদিনা বৰ চোকা ৰ’দ। পানীৰ পিয়াহত ৰব নোৱাৰি এজনী কাউৰী চাৰিওফালে উৰি ফুৰিছে। তাই আহি এডাল গছৰ ডালত পৰিল। ইফালে সিফালে চাওঁতে তাই ওচৰৰে মানুহ এঘৰৰ কাষত এটা মাটিৰ কলহ দেখা পালে। কাউৰীজনী ততালিকে তালৈ উৰা মাৰি গ’ল। তাই কলহটোৰ কানত পৰিল আৰু তাৰ ভিতৰলৈ জুমি চালে। জুমি চাই দেখিলে যে তাত পানী অলপহে আছে। সেইখিনি পানী তাই ঠোঁটেৰে ঢুকি নাপায়। কাউৰীজনী বিবুধিত পৰিল। এনেতে হঠাৎ তাই ওচৰতে কিছুমান শিলগুটি দেখা পালে। তাইৰ ততালিকে বুদ্ধি ওলাল। তাই ভাবিলে যে কলহটোত শিলগুটি পেলাই দিলে পানীখিনি ওপৰলৈ উঠি আহিব আৰু ঠোঁটেৰে ঢুকি পালেই তাই পানী খাব পাৰিব।

 কাউৰীজনী শিলগুটিৰ কাষলৈ উৰি গ’ল। তাই শিলগুটিবোৰ ঠোঁটেৰে এটি এটিকৈ আনি কলহটোত ভৰাবলৈ ধৰিলে। কিছু সময়ৰ পিছত লাহে লাহে পানীখিনি কলহটোৰ কানলৈকে উঠি আহিল। কাউৰীজনীয়ে পানীখিনি ঠোঁটেৰে ঢুকি পালে আৰু তাই পিয়াহ পলুৱাই পানী খালে। পানী খাই কাউৰীজনী ৰং মনে উৰি গুচি গ'ল।

 এতেকে বুদ্ধি থাকিলে উপায় ওলায়। বলেৰে কৰিব নোৱাৰা কাম বুদ্ধিৰে সহজে কৰিব পাৰি।
⭐⭐⭐⭐⭐⭐⭐⭐⭐⭐⭐⭐⭐⭐⭐⭐⭐
কাহিনীটো ভাল পালেনে ।


Popular posts from this blog

কাছ আৰু শহাপহু ।

বিহু কেইপকাৰ ? আৰু কি কি ?