Posts

কাউৰী আৰু কলহ

Image
 কাউৰী আৰু কলহ 👉 এদিনাখনৰ কথা। সেইদিনা বৰ চোকা ৰ’দ। পানীৰ পিয়াহত ৰব নোৱাৰি এজনী কাউৰী চাৰিওফালে উৰি ফুৰিছে। তাই আহি এডাল গছৰ ডালত পৰিল। ইফালে সিফালে চাওঁতে তাই ওচৰৰে মানুহ এঘৰৰ কাষত এটা মাটিৰ কলহ দেখা পালে। কাউৰীজনী ততালিকে তালৈ উৰা মাৰি গ’ল। তাই কলহটোৰ কানত পৰিল আৰু তাৰ ভিতৰলৈ জুমি চালে। জুমি চাই দেখিলে যে তাত পানী অলপহে আছে। সেইখিনি পানী তাই ঠোঁটেৰে ঢুকি নাপায়। কাউৰীজনী বিবুধিত পৰিল। এনেতে হঠাৎ তাই ওচৰতে কিছুমান শিলগুটি দেখা পালে। তাইৰ ততালিকে বুদ্ধি ওলাল। তাই ভাবিলে যে কলহটোত শিলগুটি পেলাই দিলে পানীখিনি ওপৰলৈ উঠি আহিব আৰু ঠোঁটেৰে ঢুকি পালেই তাই পানী খাব পাৰিব।  কাউৰীজনী শিলগুটিৰ কাষলৈ উৰি গ’ল। তাই শিলগুটিবোৰ ঠোঁটেৰে এটি এটিকৈ আনি কলহটোত ভৰাবলৈ ধৰিলে। কিছু সময়ৰ পিছত লাহে লাহে পানীখিনি কলহটোৰ কানলৈকে উঠি আহিল। কাউৰীজনীয়ে পানীখিনি ঠোঁটেৰে ঢুকি পালে আৰু তাই পিয়াহ পলুৱাই পানী খালে। পানী খাই কাউৰীজনী ৰং মনে উৰি গুচি গ'ল।  এতেকে বুদ্ধি থাকিলে উপায় ওলায়। বলেৰে কৰিব নোৱাৰা কাম বুদ্ধিৰে সহজে কৰিব পাৰি। ⭐⭐⭐⭐⭐⭐⭐⭐⭐⭐⭐⭐⭐⭐⭐⭐⭐ কাহিনীটো ভাল পালেনে ।

কাছ আৰু শহাপহু ।

Image
☰ Search Within Portal শিক্ষা শিশুসকলৰ ক্ষেত্ৰ শহাৰ অহংকাৰৰ ফল স্থিতি: open শহাৰ অহংকাৰৰ ফল Translate to এখন হাবিত এটা শহা স্বাধীন মনে থাকে ঘূৰি, কাষৰ বিলখনত বুঢ়া কাছ এটা অকলে থাকে পৰি। এদিন চা-চিনাকি হ’ল, বন্ধুৰূপে তেনেকৈ বহু দিন বাগৰি গ’ল। দুষ্ট শহাৰ কথাই কথাই কাছক থাকে বৰ ঠাট্ৰা-মস্কৰা কৰি, কেনেকৈ পাৰা একে ঠাইতে থাকিব তুমি বছৰ বছৰ ধৰি। মোৰ দৰে তুমি কেতিয়াও নোৱৰা স্বাধীনমনে ফুৰিবলৈ, ইখন হাবিৰ ঘাঁহ-পাতৰ সোৱাদ লওঁ সিখন হাবিলৈ গৈ। অহংকাৰী শহাৰ কথাত কাছই বৰ দুখ পায়, ভাবিবলৈ ধৰিলে শহাৰ অহ্ংকাৰ চূৰ্ণ কৰাৰ উপায়। এদিন শহাই কাছক এটা প্ৰতিযোগিতাৰ কথা ক’লে, ইখন হাবিৰ পৰা সিখন হাবিলৈ কোন আগতে যাব পাৰে। শহাক এসেকা দিয়াৰ মানসেৰে কাছই মৰসাহ কৰি, ভাবি চিন্তি ক’লে ঠিক আছে প্ৰতিযোগিতাত ময়ো ভাগ ল’ম বুলি। এক, দুই, তিনি বুলি চিঞৰাত দুয়োৰে দৌৰ আৰম্ভ হ’ল, শহাই মাৰিলে দীঘল দীঘল জাঁপ কাছ পিচপৰি ৰ’ল। বহু দেৰি মূৰত শহাই এবাৰ ঘূৰি চাই, চকুৰে দেখোন মনিবই নোৱাৰি কাছৰো দেখাদেখি নাই। মনতে ভাবিলে কইনাখুজীয়া কাছ থাকি আহিল বহুদূৰত, বাটৰ কাষত কিছুপৰ জিৰাই লওঁ সেউজীয়া কোমল বনত। দুবৰি বনৰ কোমল দলিচাত শহা টোপন...

জোৱাইৰ সাধু

Image
জোঁৱাইৰ সাধু ভাষা PDF ডাউনল'ড কৰক চকু ৰাখক সম্পাদনা কৰক ←পানেশৈ জোঁৱাইৰ সাধু লেখক: লক্ষ্মীনাথ বেজবৰুৱা কুকুৰীকণা→  আৰু চাওক প্ৰবন্ধ. বুঢ়ী আইৰ সাধুৰ ত্ৰয়োবিংশ গল্প এদিন এটা মানুহে তাৰ জোঁৱায়েকক বিহু খাবলৈ মাতিছিল| জোঁৱায়েকে শহুৰেকৰ নিমন্ত্ৰণ ৰাখিবলৈ আবেলি বেলিকা ঘৰলৈ যাবলৈ ওলাল| শহুৰেকে অকলৈ যাবলৈ কৈছিল সেই কাৰণে সি কোনো মানুহ লগ লৈ যোৱা নাছিল| কিন্তু সি অলপ বাট গৈ দেখিলে, তাৰ লগত তাৰ ছাঁটোও আহিছে| সি ভাবিলে শহুৰে মোক কোনো মানুহক লগত নিনিবলৈ কৈছে, যদি মই এতিয়া ছাঁটো মোৰ লগত লৈ যাওঁ তেন্তে শহুৰে মোক নিশ্চয় খং কৰিব| ইয়াকে ভাবি সি ছাঁটোক ক’লে, ”হেৰ তোক কি লাগে, কিয় আহিছ? গুচি যা|” কিন্তু ছাঁটোৱে নমতা দেখি সি আকৌ সুধিলে, ”তই নামাত কিয়? চেলেংখন লাগে নেকি?” এইবুলি যেতিয়া সি মূৰ লৰালে তেতিয়া অলপ ছাঁটোৱেও মূৰ লৰালে| ছাঁটোৱে মূৰ লৰোৱা দেখি সি ভাবিলে, ইয়াক চেলেংখন লাগে| ইয়াকে ভাবি সি চেলেংখন তাতে পেলাই গুচি গ’ল| গৈ সি আকৌ ছাঁটো দেখিলে| সি এইবাৰ চোলাটো ছাঁটোক দিলে| এইদৰে তাৰ চুৰিয়া, গামোচা সকলোকে দি অন্ত কৰিলে| লাহে লাহে গধূলি হৈ আহিল, ছাঁ নেদেখা হ’ল| তেতিয়া ভাবিলে ছ...

কম আৰু মণ

Image
কণ আৰু মন ভাষা PDF ডাউনল'ড কৰক চকু ৰাখক সম্পাদনা কৰক ← দেৱাঙ্গভূষণ বস্ত্ৰ‎ কণ আৰু মন লেখক:  লক্ষ্মীনাথ বেজবৰুৱা বত্ৰিশ লক্ষণীয়া দৰা-কন্যা →  আৰু চাওক  প্ৰবন্ধ . ককাদেউতা আৰু নাতিল’ৰা  গ্ৰন্থৰ অষ্টম সাধু ককা৷-“সোনাই অ’ লৰি আহ৷ আজি ভাল সাধু এটা মনত পৰিছে কওঁ৷” ককাদেউতাকে মতা শুনি নাতিয়েক লৰি আহি ওচৰত বহিলত, তেওঁ কবলৈ ধৰিলে,- কোনো এখন দেশত কণ আৰু মন নামে দুটা ভাই-ককাই আছিল৷ কণ বয়সত ডাঙৰ আৰু টেঙৰ৷ মন বয়সত সৰু আৰু নিচেই হোজা আছিল৷ এদিন কণে মনক ক’লে, “বোপা, আমাৰ যে বাপতিকলীয়া বস্তুবিলাক আছে সেইবোৰ আমি দুইটাই দুই সময়ত চলিয়ত কৰোঁ আহাঁ৷” তেতিয়া মনে লাহেকৈ উত্তৰ দিলে,-“ককাই, তুমি কোৱা কথাটো সঁচা, আমাৰ নো বস্তুবিলাক ভিতৰত সোমাই থাকি কি হ’ব? আমি চলিয়তকে কৰোঁহঁক আহাঁ৷” কণে ক’লে, “আমাৰ থকা ফটা-কঁথাখন জাৰকালি ৰাতি মই লৈ শুম, দিনত তুমি লৈ শুবা৷” মনে উত্তৰ দিলে, “বাৰু৷” সেই দিনাৰপৰা ফটা-কঁথাখন দিনত গাত লৈ শোৱে হয়, কিন্তু জহৰ প্ৰতাপত সি শুব নোৱাৰি গাৰপৰা খহাই পেলাই দিব লগাত পৰে৷ এইদৰে মনে ফটা-কঁথাখন কিছুমান দিন লৈ আমনি লাগি দিনত ৰ’দত শুকাই জোকাৰি ধূলি-মাকতি গুচাই...

বিহু কেইপকাৰ ? আৰু কি কি ?

Image
👉 বিহু অসমীয়াই পালন কৰে। 👉 বিহু তিনি প্ৰকাৰৰ। 👉 বিহুকেইতাৰ নাম : ব'হাগ বিহু,মাঘ বিহু,কাতি বিহু। 👉বʼহাগ বিহুত মানুহে : গৰুক নোৱাই আৰু পিছ দিনা খেল-ধেমালি কৰা হয়। 👉শুচৰি গুৱা হয়। 👉 বিহুৰ আগ দিনাক উৰুকা বোলে। 👉মাঘ বিহুত মানুহে:ভেৰা ঘৰ সাজে। আৰু মেজি জ্বলায়।আৰু তিল পিঠা বনোৱা হয়। 👉কাতি বিহুত মানুহে: বন্তি জ্বলাই প্ৰসাদ দিয়ে। 👉 বিহু আমাৰ জাতীয় উৎসৱ।